সমাজ খন ঠিক নহলে সাহিত্যৰ কোন স্থান নাই – শ্ৰীমতী তৰুলতা দাস

২০১৪ চনৰ ডিচেম্বৰ মাহত, অসমৰ প্ৰথম মহিলা গীতি কবি পদ্মপ্ৰিয়া আইৰ সোঁৱৰণত বৰপেটা লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত প্ৰ্ৱৰ্ত্তিত “আই পদ্মপ্ৰিয়া” বটাঁ লাভ কৰা বৰপেটা নিবাসী শ্ৰীমতী তৰুলতা দাস একেধাৰে এগৰাকী কবি,সাহিত্যিক,নাট্যকাৰ,প্ৰ্ৱন্ধকাৰ আৰু ঔপন্যাসিক| “হ্ৰ্দয়ৰ সুৰ”, “প্ৰণয়ৰ হেপাহৰ”, “শত শ্বহীদৰ তেজৰ শিখাৰে” আদি কৰি তেখেতৰ সৰ্বমুঠ ১২ খন গ্ৰন্থ প্ৰকাশ পাইছে| সমাজসেৱী হিচাপেও সুকীয়া চিনাকি থকা শ্রীমতী দাসে বিগত ভালে কেইবছৰ বৰপেটা জিলা মহিলা সমিতিৰ গুৰি ধৰাৰ লগতে বৰপেটা জিলা লেখিকা সমাৰোহ সমিতিৰ লগতো জন্মলগ্নৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত|বিগত কালৰ পৰম্পৰা অনুযায়ী ১৪ বছৰ বয়সতে আনুষষ্ঠানিক শিক্ষা সমাপন কৰি  ঘৰ- গৃহস্থালীৰ নাগপাশত মেৰ খাই পৰাৰ পিছতো নিজৰ সৃষ্টিশীলতা বজাই ৰখা শ্রীমতী দাসে এতিয়াও ৭৪ বছৰ বয়সতো ন-যৌৱনৰ উদ্যমেৰে সাহিত্যৰ জগতত নিজক জড়িত ৰাখি অনুকৰণীয়  দৃষ্টান্ত দাঙি ধৰিছে।

Fried Eye ৰ পৰা তৰুলতা দাসৰ বৰ্ণময় জীৱন যাত্ৰাৰ বিষয়ে কথা পাতিলে প্ৰ্শান্ত মহন্তই|

Fried Eye: প্ৰতাপগড়ৰ পৰা বৰপেটালৈ আপোনাৰ যাত্ৰাটোৰ বিষয়ে কি কব বিচাৰে?

শ্ৰীমতী তৰুলতা দাস :১৯৫০ চনৰ কোনোবা এটা দিনত বৰপেটাৰ প্ৰখ্যাত উকিলঁ যাদব চন্দ্ৰ দাসৰ দ্বিতীয় পুত্ৰ ভোলানাথ দাসৰ লগত মোৰ বিবাহ হয়|তেতিয়া মোৰ বয়স মাত্ৰ ১৪ বছৰ|তেতিয়াৰ দিনত বিয়াৰ ক্ষেত্ৰত ছোৱালীৰ ইচ্ছা অনিচ্ছাৰ ওপৰত কোনো গুৰুত্ব দিয়া হোৱা নাছিল|গতিকে পঢ়া শুনা সামৰি প্ৰতাপগড় বাগিছাত ওমলি জামলি ডাঙৰ হোৱা ছোৱালীজনি বিবাহ সূত্ৰে বৰপেটাৰ বোৱাৰী হ’লো|অৱশ্যে বিয়াৰ পিছত মোৰ স্বামীয়ে কিতাপ পত্ৰ আনি ঘৰতে পঢ়া শুনাৰ সুবিধা কৰি দিছিল| হিন্দী শিক্ষক নিয়োগ কৰি হিন্দী পৰীক্ষা  দিবলৈও সুবিধা কৰি দিছিল যদিও পৰীক্ষাৰ দহদিন আগত শহুৰ দেউতা ঢুকোৱাত সেই আশা পূৰ্ণ নহ’ল|ভাবিলো মোৰ পঢ়া শুনা কৰা ভাগ্যতে নাই|

লাহে লাহে সময় বাগৰিল|মই সন্তান আৰু ঘৰুৱা বিভিন্ন কামৰ মাজত সোমাই পৰলো|কিন্তু তাৰ মাজত মোৰ মনলৈ কবিতাৰ ভাব আহিবলৈ ধৰিলে|এটা দুটাকৈ কবিতা লিখিবলৈ ল’লো আৰু অৱশেষত স্বামীৰ অনুপ্ৰেৰণাত কবিতাৰ পুথি,নাটক,গল্প লিখি কিতাপ আকাৰত ছপা কৰিলো|মোৰ সেই যাত্ৰা এতিয়াও অব্যাহত আছে|ভগৱানে যিমান দিনলৈ শক্তি দিয়ে লিখি যাম|

Fried Eye: আপুনি ভাৱে নাকি উচ্চ শিক্ষা লাভ কৰিব নোৱাৰা বাবে আপোনাৰ খ্যাতি হানি হৈছে?

শ্ৰীমতী তৰুলতা দাস: পঢ়িবলৈ নোপোৱা দুখটো থাকি গ’ল যদিও মই তেনেকৈ নাভাবো| কাৰণ সাতোটাকৈ ল’ৰা-ছোৱালী ডাঙৰ দীঘল কৰা,শহু-শাহুৰ,ননদ,দেওৰেৰে পৰিপূৰ্ণ এখন ঘৰ সম্ভালাৰ পিছত নিজে পঢ়া শুনা কৰা পৰিৱেশেই নাছিল|তথাপি কৰিব নোৱাৰা কামবোৰৰ বাবে মন বেয়া নকৰি আজৰি সময়ত যিখিনি কৰিলো সেয়াই মোৰ বাবে আজি সান্তনা|

Old picFried Eye:  আপোনাৰ জীৱনত বেছি গুৰুত্বপূৰ্ণ কি সমাজসেৱা নে সাহিত্য?

শ্ৰীমতী তৰুলতা দাস : সমাজ সেৱা বেছি গুৰুত্বপূৰ্ণ|কিয়নো সমাজ খন ঠিক নহলে সাহিত্যৰ কোন স্থান নাই|

Fried Eye:  ১৪ বছৰ বয়সতে বিবাহত আৱদ্ধ হোৱাৰ পিছতো আপুনি আজি নিজৰ চিনাকী গঢ়িবলৈ সক্ষম হৈছে তাৰ আৰত সকলোতকৈ বেছি অৰিহণা কাৰ আছে বুলি আপুনি ভাৱে?

শ্ৰীমতী তৰুলতা দাস:  মোৰ স্বামীৰ অৰিহণা আতাইতকৈ বেছি|তেখেতৰ সহায় সহযোগ অবিহনে মই এখোজো আগবাঢ়িব নোৱাৰিলোহেঁতেন|

Fried Eye:  এগৰাকী বোৱাৰী,পত্নী,মাতৃ,লেখিকা আৰু সমাজসেৱী হিচাপে নিজৰ বিভিন্ন দায়িত্ব সমূহ সু-কলমে কেনেদৰে পালন কৰিছিল?

শ্ৰীমতী তৰুলতা দাস:  তেতিয়াৰ দিনত বোৱাৰী এগৰাকিৰ বাবে ঘৰখন পৰিচালনা কৰাটো অতি গুৰুত্বপূৰ্ণ আছিল|গোতেই দিন্টো ঘৰৰ দায়িত্ব,সন্তানৰ দায়ত্ব পালন কৰাৰ পিছত ৰাতি আঠুৱাৰ তলতে লিখা মেলা কৰিছিলো আৰু স্বামীৰ অনুমতি লৈ সময় সুবিধা পালে সামাজিক কামলৈও ওলাই গৈছিলো|

Fried Eye:  আপুনি ভাৱে নেকি আজিৰ দিনতো ছোৱালী এজনীৰ বাবে শিক্ষা গ্ৰহন কৰাটো এটি চিন্তাৰ বিষয়?

শ্ৰীমতী তৰুলতা দাস: মই ভাবো আমাৰ তুলনাত এতিয়া বহুতেই উন্নতি হৈছে যদিও এতিয়াও ছোৱালীৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত বাধা দেখা পোৱা যায়|

Fried Eye: আমি শুনি আহিছো যে বৰপেটাৰ কীৰ্ত্তন ঘৰত মহিলাৰ বাবে প্ৰৱেশ নিষেধ।বৰপেটাৰ এগৰাকী বোৱাৰী হিচাপে বিশেষকৈ আপুনি এতিয়ালৈকে যিহেতু বৰপেটা লেখিকা সমাৰোহ সমিতিৰ সৈতে জড়িত এই বিষয়ে আপুনি কি ভাবে?

শ্ৰীমতী তৰুলতা দাস: মহিলা সকলৰ ৰজস্ব্লা হোৱাটো এটা প্ৰাকৃতিক নিয়ম।এই প্ৰক্ৰিয়াটোৰ বাবেই বৰপেটাৰ কীৰ্ত্তন ঘৰত মহিলা সকলৰ বাবে প্ৰৱেশ নিষেধ এটা পৰম্পৰা হিচাপে মানি অহা হৈছে।কিন্তু আমি মহিলা সকলে অসম বা বাহিৰৰ যিবিলাক কীৰ্ত্তন ঘৰত মহিলাৰ প্ৰৱেশত কোনো বাধা নাই,তেনেকুৱা কীৰ্ত্তন ঘৰ নাইবা যিকোনো ধৰ্মীয় অনুষ্ঠানলৈ ৰজস্ব্লাৰ সময়ত ৭ দিন নোহোৱালৈকে প্ৰৱেশ নকৰো।সেয়েহে মোৰ দৰে আৰু বহুত মহিলাই বিশেষকৈ বাহিৰৰ পৰা যি সকল মহিলাই বৰপেটাৰ কীৰ্ত্তন ঘৰ দৰ্শন কৰিবলৈ আহি প্ৰৱেশ নিষেধৰ সন্মুখীন হয় তেওঁ লোকে অত্যন্ত দুখ প্ৰকাশ কৰি এইবুলি কয় যে-ভগৱান প্ৰদত্ত এই নিয়মৰ বাবে মহিলা সকলক কিয় অপবিত্ৰ বুলি ভবা হয়।

সেয়েহে মই বৰপেটাৰ সকলো ৰাইজ,বৰপেটাৰ কীৰ্ত্তন  ঘৰৰ দায়িত্বত থকা গুণী জ্ঞানী বিদ্বান সকলো ৰাইজলৈ অনুৰোধ জনালো যাতে এই বিষয়ে আলোচনা কৰি এটা পৰিবৰ্তন আনিবৰ বাবে চেষ্টা কৰে।

Fried Eye:  আই পদ্মাপ্ৰিয়া বটা পোৱাত আপোনাৰ প্ৰ্থম অনুভৱ কি আছিল?DSC_0037

শ্ৰীমতী তৰুলতা দাস:  খুব ভাল লাগিছিল| বিশ্বাস কৰিব পৰা নাছিলো|আৱেগিক হৈ পৰিছিলো|

Fried Eye:  আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহুৰ্ত্ব কি?

শ্ৰীমতী তৰুলতা দাস:  মোৰ প্ৰথম কবিতা পুথি “হ্ৰিদয়ৰ সুৰ” ছপা হৈ ওলোৱাৰ মুহুৰ্ত্বটো|

Fried Eye:  যদি আপোনাৰ জীৱনৰ কোনো এটা কথা সলাব পাৰিলেহেতেন?

শ্ৰীমতী তৰুলতা দাস:  সলাব পৰাহেতেন মই সকলো বাদ দি পঢ়িলোহেতেন|

Fried Eye:  আপোনাৰ নিজৰ জিৱনৰ ওপৰত ভিত্তি কৰি যদি এখন কিতাপ লিখে সেই কিতাপখনৰ নাম কি থব?

শ্ৰীমতী তৰুলতা দাস:  সংঘাত

Fried Eye:  আগন্তুক দিন বোৰত আপুনি আৰু কি লিখাৰ কথা ভাবিছে?

শ্ৰীমতী তৰুলতা দাস:  এতিয়া জীৱনৰ বিয়লি বেলা|মনেৰে বহুতেই কৰিবলৈ ইচ্ছা যায় যদিও দেহাই নাটানে| তথাপি সদায় এতাকৈ কবিতা লিখো|উপন্যাস এখন লিখি থোৱা আছে | ছপা কৰি উলিয়াবলৈ মন আছে|

Fried Eye:  উঠি অহা প্ৰজন্মৰ বাবে আপুনি কি ক’ব বিচাৰে?

শ্ৰীমতী তৰুলতা দাস:  সময় অমূল্য সম্পদ|সময়ৰ সদ ব্যৱহাৰ কৰিব জানিলে জীৱন সুন্দৰ আৰু মধুৰ হয়|

We welcome your comments at letters@friedeye.com

Leave a Comment

Leave a Comment

We are on Twitter& Facebook